Unique Page Visitors: 895
পঞ্জীয়ন নং: RS/KAM( M) /263/RFS-Regn of SOC/202602224 of 2026-2027
শ্ৰীশ্ৰী কমলাবাৰী শাখা সত্ৰ • গণেশগুৰি (কৰভৱনৰ কাষত), গুৱাহাটী - ৭৮১০০৬
এই অনুষ্ঠানৰ নাম সত্ৰীয়া সংস্কৃতি শিক্ষা পৰিষদ, অসম (Sattriya Sanskriti Siksha Parishad) হ'ব। এই প্ৰতিষ্ঠান ২০২৬ চনৰ Society Registration আইনৰ অধীনত পঞ্জীকৃত – পঞ্জীয়ন নং RS/KAM (M) /263/RFS-Regn of SOC/202602224 of 2026-2027।
সমগ্ৰ অসম, উত্তৰ পূৰ্বাঞ্চলৰ লগতে প্ৰয়োজন সাপেক্ষে ভাৰতবৰ্ষ আৰু বৰ্হি ভাৰতৰ বিভিন্ন দেশত শাখা খোলাৰ পথ মুকলি থাকিব।
শ্ৰীশ্ৰী কমলাবাৰী শাখা সত্ৰ গণেশগুৰি গুৱাহাটী ৭৮১০০৬ কৰভৱনৰ সমীপত।
দূৰভাষ নম্বৰঃ সভাপতি ৭০০২২১৯৪১১ | সাধাৰণ সম্পাদক ৯৮৬৪১১৬৬২৭
ক) মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, মাধৱদেৱ, শ্ৰীশ্ৰী বদলা পদ্মআতা প্ৰমূখ্যে সন্ত পুৰুষসকলৰ দ্বাৰা প্ৰচাৰিত মানৱ সমাজৰ আধ্যাত্মিক কল্যাণ উদ্দেশ্যে প্ৰচাৰিত আদৰ্শ আৰু তত্বানুসন্ধান আৰু শিক্ষা প্ৰদান।
খ) শ্ৰীমন্ত শঙ্কৰদেৱ, মাধৱদেৱ, বদলা পদ্মআতা প্ৰমুখ্যে আতাপুৰুষসকলে সৃষ্টি কৰি যোৱা সত্ৰীয়া সঙ্গীত, নৃত্য, নাট্য আদি কলাৰ সংৰক্ষণ, শিক্ষা, প্ৰচাৰ আৰু প্ৰসাৰ।
গ) সম্পূৰ্ণ সত্ৰীয়া ৰীতি-নীতিৰে মহাপুৰুষীয়া আধ্যাত্মিক আদৰ্শৰ উপৰি সমূহ কলা পৰম্পৰাৰ পদ্ধতিগত প্ৰশিক্ষণ, মূল্যায়ণ আৰু উৎসাহ প্ৰদান।
ঘ) সত্ৰীয়া সংস্কৃতিৰ দিশত আধুনিক প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগেৰে সংৰক্ষণ, প্ৰচাৰৰ ব্যৱস্থা।
ঙ) পৰিষদৰ অধীনস্থ প্ৰশিক্ষণ কেন্দ্ৰ সমূহৰ তত্বাৱধান, পাঠ্যক্ৰম প্ৰস্তুতি পৰীক্ষা নিয়ন্ত্ৰনৰ ক্ষেত্ৰত সমূহীয়া সংযোগ আৰু ব্যৱস্থাপনাৰে সুসংহত কাৰ্য্য পৰিচালনা।
চ) পৰিষদৰ পাঠ্যক্ৰমৰ অধীনত উত্তীৰ্ণ বিদ্যাৰ্থীসকলৰ কৰ্মসংস্থাপনৰ দিশত উপযুক্ত ব্যৱস্থা গ্ৰহণ।
ছ) উল্লেখিত উদ্দেশ্য সাধনৰ দিশত চৰকাৰ স্বয়ংসৱী প্ৰতিষ্ঠান আৰু বিবিধ প্ৰতিষ্ঠানৰ সহযোগিতাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ।
জ) পৰিষদৰ সমূহ কাৰ্য্যপ্ৰণালীৰ যোগেদি শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰে সামাজিক সংহতি, ন্যায় প্ৰতিষ্ঠা আৰু অসম তথা উত্তৰ পূৱ ভাৰতৰ মাজত সংযোগ আৰু আবেগিক সংহতি প্ৰতিষ্ঠাৰ দিশত প্ৰচেষ্টা গ্ৰহণ।
ক) অসমীয়া কলা-সংস্কৃতিৰ প্ৰতি আগ্ৰহশীল আৰু ইয়াৰে সৈতে জড়িত ব্যক্তিহে ইয়াৰ সদস্য হ'ব পাৰিব। লগতে ৪(খ) নং দফাত উল্লেখ কৰা উদ্দেশ্যৰ প্ৰতি অৰিহনা যোগাব পৰা ব্যক্তি আৰু অনুষ্ঠান পৰিষদৰ নিয়মাৱলী, অনুশাসন মানি চলিবলৈ প্ৰতিশ্ৰুত ১৮ বছৰৰ পৰা যিকোনো পুৰুষ বা মহিলাই এই অনুষ্ঠানৰ সভ্য হ'ব পাৰিব।
খ) একে সময়তে ৩০০১/- (তিনি হাজাৰ এটকা) বৰঙণি আদায় দিয়া লোকে আজীৱন পৰিষদৰ সদস্য হ'ব পাৰিব।
গ) সাধাৰণ সদস্য আৰু আজীৱন সদস্যৰ মাজত কোনো পাৰ্থক্য নাথাকিব।
ঘ) সাধাৰণ সদস্যই ভৰ্তি মাচুল ৫০১.০০ (পাঁচশ এটকা) টকা সমিতিক জমা দি পৰিষদৰ নিয়ম-নীতি আৰু আদৰ্শৰ প্ৰতি আনুষ্ঠানিকভাৱে আনুগত্য লাভ কৰিব পাৰিব। প্ৰতি তিনিবছৰৰ পিছত এই মাচুল বৃদ্ধি হ'ব পাৰে।
ক) নিয়ম মতে বৰঙণি আদি পৰিশোধ কৰা আৰু অসমীয়া কলা সংস্কৃতিৰ প্ৰতি অনুৰক্ত সদস্যক লৈ সাধাৰণ সভা (General Council) গঠন কৰা হ'ব।
খ) সাধাৰণ সভাই পৰিচালনা সমিতিৰ (Governing Body) বিষয়ববীয়াসকলক নিৰ্বাচন কৰিব।
গ) বছৰত কমেও এবাৰকৈ সাধাৰণ সভা বহিব।
ঘ) এক দ্বিতীয়াংশ (১/২) সদস্যৰ উপস্থিতিত সাধাৰণ সভা থুল হ'ব।
ঙ) বছৰেকীয়া বাজেট গ্ৰহণ আৰু আৱশ্যকীয় সিদ্ধান্ত গ্ৰহণ কৰিব।
চ) পৰিচালনা সমিতিৰ (Governing Body) কাৰ্য্যকাল শেষ হ'লে সাধাৰণ সভাই নতুন পৰিচালনা সমিতি গঠন কৰিব।
ছ) সাধাৰণ সভাই তিনিজন মূখ্য পৃষ্ঠপোষক, তিনিজন পৃষ্ঠপোষক আৰু ছয়জন উপদেষ্টা নিযুক্তি দিব পাৰিব।
ক) এঘাৰ (১১) জন সদস্যৰে কেন্দ্ৰৰ পৰিচালনা সমিতি গঠন হ'ব।
খ) সাধাৰণ সভাই পৰিচালনা সমিতি তলত উল্লেখ কৰা ধৰণে গঠন কৰিব। সভাপতি/কাৰ্য্যকৰী সভাপতি/সম্পাদক/সহকাৰী সম্পাদক/ কোষাধ্যক্ষ/সাংগঠনিক সম্পাদক/ কাৰ্যালয় সম্পাদক আৰু সদস্য।
গ) এক তৃতীয়াংশ (১/৩) সদস্যৰ উপস্থিতিত পৰিচালনা সমিতিৰ মূল হ'ব।
ঘ) পৰিচালনা সমিতিয়ে আৱশ্যক অনুসৰি সদস্যৰ বাহিৰৰ লোক সমিতিৰ উপদেষ্টা আৰু প্ৰয়োজন সাপেক্ষে বিশেষভাৱে আমন্ত্ৰিত সদস্যৰ পৰামৰ্শ ল'ব পাৰিব।
ঙ) পৰিচালনা সমিতিয়েই পৰিষদৰ মূল কাৰ্য্যবাহী সমিতি হ'ব।
চ) পাঁচজন সদস্যৰে পৰিচালনা সমিতি মুল হ'ব। স্থগিত সভাৰ কোনো মুলৰ আৱশ্যক নহ'ব।
ছ) পৰিচালনা সমিতিৰ সভা প্ৰতিমাহত বা দুই মাহত এখনকৈ সভা অনুষ্ঠিত হ'ব আৰু সভাৰ ৭(সাত) দিনৰ আগতীয়া জাননীৰে সভা পাতিব। জৰুৰী সভা অৱশ্যে কম সময়ৰ জাননীৰেও পাতিব পাৰিব।
জ) একে লেঠাৰীয়ে তিনিখন পৰিচালনা সমিতিত অনুপস্থিত থাকিলে পৰিচালনা সমিতিৰ পদ আপোনা-আপুনি বাতিল হ'ব।
ক) পৰিচালনা সমিতিয়ে পৰিষদৰ সকলো দিশ পৰিচালনা কৰিব।
খ) পৰিষদৰ উদ্দেশ্য আৰু লক্ষ্যত উপনীত হ'বৰ বাবে সকলো ধৰণৰ কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ আৰু পৰিচালনা কৰিব।
গ) পৰিচালনা সমিতিৰ কাৰ্য্যকাল তিনি (৩) বছৰ হ'ব।
ঘ) পৰিচালনা সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদক পৰিষদৰ লক্ষ্য আৰু উদ্দেশ্য নিৰ্দ্ধাৰন কৰিব।
ঙ) পৰিষদৰ উদ্দেশ্য আৰু লক্ষ্যৰ পৱিত্ৰতা ভংগকাৰীক পৰিচালনা সমিতিয়ে বিচাৰৰ জৰিয়তে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব।
চ) পৰিষদৰ বিত্তীয় স্বচ্ছতাৰ বাবে বিধিসম্মতভাৱে পুঁজি সংগ্ৰহ চৰকাৰী অনুদান লাভৰ প্ৰচেষ্টা, সভ্য ভৰ্ত্তিৰ ব্যৱস্থা, দান-বৰঙণি নিয়মিত আদায়ৰ প্ৰতি লক্ষ্য কৰিব আৰু কৰ-কাটল, ৰাজহ আদি পৰিশোধৰ প্ৰতি পৰিষদ সচেষ্ট হ'ব। পৰিষদৰ কোষাধ্যক্ষ্য (Treasurer) সকলো প্ৰকাৰ বিত্তীয় পৰিচালনাৰ দায়িত্ববাহী হিচাবে কাৰ্যৰ্যনিৰ্বাহ কৰিব।
ছ) বছৰেকীয়া আয়-ব্যয়ৰ তালিকা প্ৰস্তুত উন্নয়নমূলক ব্যৱস্থা গ্ৰহণ আৰু সাধাৰণ সভাৰ অনুমোদনৰ বাবে কোনো বৃহৎ কাৰ্য্যসূচী আৰু বিত্তীয় অনুমোদন লাভ কৰিবলৈ পৰিষদে ব্যৱস্থা গ্ৰহণ কৰিব।
জ) প্ৰশিক্ষণ কেন্দ্ৰৰ আৱশ্যকীয় শিক্ষক, কৰ্মচাৰী নিয়োগ, বানচ নিৰ্দ্ধাৰণ আৰু আৱশ্যক হ'লে অপসাৰন কৰাৰ ক্ষমতা পৰিষদৰ থাকিব।
ঝ) আৱশ্যক অনুসৰি উপবিধি প্ৰণয়ন আৰু পৰিচালনা সমিতিৰ খালী পদ পূৰণ কৰিব পাৰিব।
ছ) পৰিষদৰ যিকোনো জৰুৰী বিষয় আলোচনা কৰিবলৈ আৰু তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু সদস্যক লৈ পাঁচজনীয়া এখন কৰ্ণধাৰ সমিতি থাকিব।
ক) সভাপতি পৰিষদৰ শীৰ্ষতম বিষয়ববীয়া ৰূপে সকলো কাৰ্য্যপ্ৰণালী মূলত থাকি প্ৰতিষ্ঠানটিৰ সকলো প্ৰকাৰৰ দৰ্শন প্ৰদান কৰিব।
খ) সভাপতিয়ে পৰিষদৰ সাধাৰণ সভাৰ (General Council) সকলো সভাত সভাপতিত্ব কৰিব।
গ) সভাপতিয়ে সময় আৰু পৰিস্থিতি বিশেষে সিদ্ধান্ত গ্ৰহণৰ বাবে কাৰ্য্যনিৰ্বাহক সমিতিলৈ বিষয় প্ৰেৰণ কৰিব পাৰিব।
ক) সভাপতিৰ অনুপস্থিতিত কাৰ্য্যকৰী সভাপতিয়ে সকলো কাৰ্য্য পৰিচালনা কৰিব আৰু সভাত সভাপতিত্ব কৰিব।
খ) পৰিষদৰ সাংস্কৃতিক দিশৰ সকলো অনুষ্ঠান সদস্য আৰু বিষয়ববীয়াৰ মাজৰ পৰা বাচি দিয়া পাঁচজনীয়া সমিতিখনে পৰিচালনা কৰিব।
গ) বিশেষ পৰিস্থিতিত সভাপতি, কাৰ্য্যকৰী সভাপতি দুয়োজনৰ অনুপস্থিতিত নিয়ম মতে প্ৰস্তাবিত, সমৰ্থিত আৰু গৃহীত হ'লে সকস্যসকলৰ মাজৰ পৰা যিকোনো সদস্যই সভাপতিত্ব কৰিব।
ক) সম্পাদকে বছৰেকীয়া সাধাৰণ সভা, বিশেষ সাধাৰণ সভা আৰু পৰিচালনা সমিতি সভা আহ্বান কৰিব।
খ) পৰিষদৰ সদস্য সকলৰ এখন পঞ্জী ৰাখিব।
গ) হিচাপ পত্ৰ আৰু অন্যান্য বহীৰ পঞ্জীয়ন কৰিব।
ঘ) ভৰ্তি মাচুল, দান-বৰঙণি আৰু অন্যান্য প্ৰাপ্য ধন আদায় কৰিব আৰু দেয় ধন পৰিশোধ কৰিব।
ঙ) পৰিষদৰ সা-সম্পত্তিৰ তালিকা প্ৰস্তুত কৰি ৰাখিব।
চ) পৰিষদৰ সকলো সভাৰ কাৰ্য্যবিৱৰণী ৰাখিব।
ছ) বছৰেকীয়া সাধাৰণ সভা বহাৰ অন্ততঃ পোন্ধৰ দিনৰ আগতে হিচাব পৰীক্ষকৰ ওচৰত সকলো হিচাব পত্ৰ দাখিল কৰিব। পৰীক্ষিত হিচাপ-পত্ৰ পৰীক্ষকৰ প্ৰতিবেদন সহ পৰিচালনা সমিতি আৰু সাধাৰণ সভাত দাখিল কৰিব।
ক) সদস্য ভৰ্তি মাচুল, দান-বৰঙণি আৰু চৰকাৰী অনুদানৰ আদিৰে পুঁজি গঠিত হ'ব।
খ) কোনো সদাশয় ব্যক্তিয়ে পৰিষদৰ নামত স্থাৱৰ- অস্থাৱৰ সম্পত্তি টকা আদি দান কৰিব পাৰিব।
ক) যিকোনো ৰাষ্ট্ৰীয়কৃত বেংকত পৰিষদৰ তহবিল মুকলি কৰিবলৈ পৰিচালনা সমিতিৰ সিদ্ধান্ত লাগিব। এই তহবিল পৰিষদৰ নামত জমা থাকিব। সভাপতি আৰু যুটীয়া স্বাক্ষৰত লেন-দেন সম্পাদিত হ'ব, বা তিনি গৰাকীৰ (সম্পাদক, সভাপতি আৰু কোষাধ্যক্ষ)
খ) সম্পাদকে নগদ ৩০০০.০০ (তিনিহাজাৰ) টকা হাতত ৰাখিব পাৰিব।
পৰিচালনা সমিতিত বা সাধাৰণ সভাত কোনো সদস্যই কোনো প্ৰস্তাৱ আনিব খুজিলে অন্ততঃ দহ (১০) দিনৰ আগতে পৰিষদৰ সম্পাদকৰ হাতত পৰাকৈ পঠিয়াব লাগিব।
পৰিচালনা সমিতিৰ দুই-তৃতীয়াংশ (২/৩) সদস্যই লিখিতভাৱে কাৰণ দৰ্শাই পৰিচালনা পাতিবলৈ দিলে বিধি সন্মত হ'ব। সম্পাদকে এনে সভাৰ অনুমোদন পালে ১০ (দহ) দিনৰ ভিতৰত সভা পাতিব লাগিব। সম্পাদকে এনে অনুমোদন পাই সভা নাপাতিলে দুই তৃতীয়াংশ (২/৩) সদস্যই চহী কৰি সভা আহ্বান কৰি কোনো প্ৰস্তাৱ ল'লে বিধি সন্মত হ'ব।
পৰিচালনা সমিতিয়ে দুজন (২) আভ্যন্তৰীণ হিচাব পৰীক্ষকক নিযুক্তি দিব। আভ্যন্তৰীণ হিচাব পৰীক্ষকৰ অন্তত বিধিগতভাবে চনদ প্ৰাপ্ত পৰীক্ষক (Chartered Accountant) ৰ দ্বাৰা পৰিষদৰ আয়-ব্যয়ৰ পৰীক্ষিত হিচাব পৰিচালনা সমিতিৰ কাৰ্য্যনিৰ্বাহকত উত্থাপন কৰিব লাগিব। কাৰ্যৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত গৃহীত হোৱাৰ পাছত সাধাৰণ সভাত দাঙি ধৰিব।
পৰিষদৰ আইন কানুন সম্পৰ্কীয় পৰামৰ্শ দিবলৈ এজন আইনজ্ঞক উপদেষ্টা ল'ব পাৰিব আৰু উপদেষ্টাৰ কাৰ্য্যকালো পৰিচালনা সমিতিৰ কাৰ্য্যকালৰ লগে লগে উকলি যাব।
পৰিচালনা সমিতিৰ অনুমোদন সাপেক্ষে পৰিষদৰ পঞ্জীয়ন কৰিব পাৰিব।
সাধাৰণ সভাই দুই-তৃতীয়াংশ (২/৩) ভোেটৰ দ্বাৰা পৰিষদৰ নিয়মাৱলীৰ সংশোধন কৰিব পাৰিব।
এৰাব নোৱাৰা পৰিস্থিতিত যদি এই পৰিষদ ভঙ্গ কৰিবলগীয়া হয় তেতিয়াহ'লে ইয়াৰ স্থাৱৰ অস্থাৱৰ সম্পত্তি ইয়াৰ সমভাবাপন্ন কোনো ৰাজহুৱা অনুষ্ঠানলৈ অথবা চৰকাৰৰ হাতলৈ হস্তান্তৰিত কৰা হ'ব。
পৰিচালনা সমিতিয়ে সমগ্ৰ অসমত পৰীক্ষা সমূহ পৰিচালনা কৰিবৰ বাবে এবছৰীয়া এখন উপসমিতি গঠন কৰি দিব। সমিতিত এজন পৰীক্ষা নিয়ন্ত্ৰক, সচিব, কাৰ্য্যালয় সহায়ক আৰু তিনিগৰাকী সদস্যক লৈ গঠন কৰিব।